ISBN 81-7525-037-2
HB+J;774 pages; 22X14.5X4.5 cm3; 1997
কৰ্মৱীৰ স্ৱৰ্গীয় কুমুদেশ্ৱৰ বৰঠাকুৰৰ বহুমূখী প্ৰতিভাৰ এক নিদৰ্শন এই পুথিত পাব। শিৱসাগৰৰ শ্ৰীশ্ৰী বিষ্ণুদৌলৰ বৰঠাকুৰ স্ৱৰ্গীয় ধৰ্মেশ্ৱৰ বৰঠাকুৰৰ পৌত্ৰ আৰু স্ৱৰ্গীয় খগেশ্ৱৰ বৰঠাকুৰ আৰু স্ৱৰ্গীয়া গোলাপী (অৰ্জুনগুৰিৰ বেজবৰুৱা বংশৰ জী) বৰঠাকুৰৰ পুত্ৰ কুমুদেশ্ৱৰ বৰঠাকুৰে সাহিত্য আৰু সমাজসেৱাত অতুলনীয় ক্ষমতাপ্ৰদৰ্শন কৰি গ'ল। সাহিত্য ক্ষেত্ৰত তেখেতৰ মূল অৱদান হ'ল অনুৱাদ আৰু অনুসন্ধান সাহিত্যত। অনুৱাদৰ চানেকী পাব তেখেতে তাহানি লিখা "বেদৱাণী", "মেঘদূত", আৰু "চেক্চ্পীয়েৰ"ত। বেদৱাণীৰ গুৰুগম্ভিৰতা মেঘদূতৰ মনোৱিলাসত পাতলিছে। এইদৰে অন্যান্য অনুৱাদসাহিত্যৰচনাত তেখেতৰ ভাষা আৰু ভাৱ মূলৰচনাসাক্ষেপ। অনুসন্ধান সাহিত্যত আছে "কোৱঁৰ ভৰত", "ঝাঁচীৰ ৰাণী লক্ষ্মীবাঈ" .. ইত্যাদি। তেখেতৰ অনুসন্ধান সাহিত্যৰ স্তৰ চেৰাব পৰা অসমীয়া অনুসন্ধানসাহিত্যৰচনা আজিকোপতি হব পৰা নাই। কুমুদেশ্ৱৰ বৰঠাকুৰ অসমীয়াত লিখা শিশুসাহিত্যৰ বাটকটীয়া। এই পুথিত পিচে তেখেতে লিখা "দিতেক্তিৱ" নাইবা "পুং বিচৰা" ৰচনাৰ নিদৰ্শন দিব পৰা নহ'ল। তেহেলৈ তেখেতৰ নানান সমাজসেৱা সংল্লিষ্ট কৰ্ম, যেনে "পুথি-ভৰাল সংগঠন", "অৱসৰপ্ৰাপ্তৰ সংগঠন", ... ইত্যাদিৰ উল্লেখ এই পুথিত পাব। এনে ক্ষণজন্মা পুৰুষৰ জীৱন, উদ্দেশ্য, আৰু সফলতাৰ সংগ্ৰহন প্ৰত্যেক অসমীয়াৰ কাৰণে অৱিকল্পিত দুস্প্ৰাপ্য আহৰ্য়।
সংগৃহিত ৰচনা সমূহৰ মূখ্যসম্পাদক হয় অধ্যাপক যতীন্দ্ৰনাথ গোস্ৱামী দেৱ। তেখেত ১৯৮০ চনত হোৱা অসম সাহিত্যসভাৰ সভাপতি পদত অধিস্থিত আছিল। এখেতৰ প্ৰগাঢ় পাণ্ডিত্য, সাহিত্য-কুশলতা আৰু আগৰণুৱা স্ৱভাৱ অসমপ্ৰখ্যাত। তেখেতৰ সহকৰ্মী সম্পাদক সাহিত্যিক হেম শৰ্মাৰ সাহিত্যসম্ভাৰে অসমৰ বাতৰিকাকত, আলোচনী, আৰু নানান স্থল ন' ন' ভাৱধাৰাৰে অংকিত কৰি থৈছে। সংগ্ৰাহক হ'ল কুমুদেশ্ৱৰ বৰঠাকুৰৰ বৰপো।